Sunday 26 June 2016

ধৰি নি ডিটেনচন কেম্পেত ৰখা হ'ল ৷এই অত্যাচাৰ আৰু কিমান দিন চলিব ? কিহৰ বাবে নিজ মাতৃভাষাক ত্যাগ কৰি অসমীয়া ভাষাক নিজ মাতৃভাষা বুলিছিল ? এনেকুৱা অভিশপ্ত দিন দেখিবলৈ নেকি ?

দ্ৰাবিড় জনগোষ্ঠীৰ মুছলমানঃ- ASSAM
অসমৰ মুছলমানসকলে আৰু কিমান সহ্য কৰিব পাশবিক নিৰ্যাতন ৷ ইমান অত্যাচাৰ আৰু সহিব নোৱাৰি ৷ শেহতীয়াকৈ মুছলমান বিদ্বেষী কাৰ্যকলাপে হতবাক কৰি তুলিছে বিদ্বৎ মহলক ৷ মুছলমান হোৱা বাবেই আজি স্বদেশী ফজৰ আলী মিয়াক বাংলাদেশী বুলি ধৰি নিয়া হল ৷ উল্লেখযোগ্য যে ১৯৫১ চনৰ এন আৰ চিত অবিভক্ত কামৰূপ জিলা তথা বৰ্তমানৰ বৰপেটা জিলাৰ হস্তিনাপুৰ মৌজাৰ অন্তৰ্গত সৰুপেটা টাউনত গৃহ নং ১৬৩(২৮) আৰু গৃহ ক্ৰমিক নং-৪ত নাম ফজৰ আলিমিয়া(২বছৰ) হিচাপে প্ৰকাশ থকা স্বত্তেও ফজৰ আলীক ধৰি নি ডিটেনচন কেম্পেত ৰখা হ'ল ৷ বৰ্তমান তেওঁৰ পৰিয়ালৰ তথৈবচ অৱস্থা ৷ হৃদয় বিদাৰক কান্দোনৰ ৰোলত আৱেগিক হৈ পৰিছে সমগ্ৰ অঞ্চল ৷
প্ৰীয় পাঠক-পাঠিকাগণ - এই অত্যাচাৰ আৰু কিমান দিন চলিব ? কিহৰ বাবে নিজ মাতৃভাষাক ত্যাগ কৰি অসমীয়া ভাষাক নিজ মাতৃভাষা বুলিছিল ? এনেকুৱা অভিশপ্ত দিন দেখিবলৈ নেকি ?

No comments:

Post a Comment